Launchorasince 2014
← Stories

আত্মস্মৃতি

সেউজীয়াখিনিলৈ চাওঁতে চাওঁতে
হেৰাই গৈছিল মোৰ প্ৰতিযোগী হুমুনিয়াহৰ তত্ত্ববোধিনী শক্তি।
অদূৰত ওলমি ৰৈছিল মোৰ হৃদপিণ্ড,
হৈ মোৰ স্নায়ুতন্ত্ৰৰ এটা বিৱৰ্ণ চৈতন্য।

প্ৰাপ্তিমুখী মই যিমানে আগুৱাইছিলো,
ঘাঁহবোৰ হৈ গৈছিল ক্ৰমান্বয়ে ওখ আৰু ওখ।
মাটিবোৰে বহল হৈ গৈ যেন কৈ আছিল,
"খোজৰ মৰমত মই বহল হৈ যাম"।

চৌপাশ ইমান বিস্তৃত,
আকাশলৈ আশ্চৰ্য্যৰে চাইছিলো।
আকাশ ইমান ওচৰত।
পাহৰিছিলো যে আগত কৰবাত মই অতিক্ৰমী আহিছো মোৰ হৃদয়খন,
মোৰ মগজুৰ এক অংশ।

উভতি চালো,
দেখিলো যে মোৰ 'হৃদযন্ত্ৰ' হৈ পৰিব ধৰা হৃদপিণ্ডক আৱৰি ধৰিছিল সেউজীয়াই।
বিৱৰ্ণ স্নায়ুতন্ত্রই উমলি আছিল ৰ'দত।

সকলো মোৰ তাতেই আছিল, বুজিছিলো।
মই অতদিনে আঁতৰি গৈছিলো মোৰ পৰা।
মন গৈছে, আকৌ নিজৰে হোৱাৰ,
আকৌ নিজৰ বিন্দু বিন্দুৰ প্ৰেমত পৰাৰ।

এইবাৰ মূৰটো ঘূৰাই দেখিছিলো
সকলো স্বাভাৱিক।
সেউজীয়া উশাহৰ গোন্ধত শৰৎ অহাৰ প্ৰাপ্তিময় বতৰা।

উভতিছিলো,
নতুন হেঁপাহ এজাক কান্ধত লৈ।
আত্মস্মৃতিৰে নিজৰ পৰা নিজলৈ কৰা যাত্ৰাৰ  উল্লাস মনত লৈ।

কবি: অংকিতা ভৰদ্বাজ